মাজুলীত জুবিন গাৰ্গৰ বিশাল প্ৰতিমূৰ্তি স্থাপন।
অসমীয়াৰ প্রাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই আমি যেন নিথৰুৱা ৷ আমাক এৰি জুবিন গুচি যোৱাৰ আজি এবছৰ সম্পূর্ণ হ'বলৈ আৰু কেইটিমান দিন বাকী ৷ এই স্থলত মাজুলী শালমৰাৰ যুৱকসকলৰ নেতৃত্বত শালমৰা গাঁৱৰ ৰাইজৰ সহযোগত প্ৰাণৰ শিল্পী গৰাকীৰ বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হয়। মাজুলীৰ সাংস্কৃতিক ইতিহাসত প্ৰথম বাৰৰ বাবে সংযোগ হ'ল জুবিন গাৰ্গৰ বিশাল প্ৰতিমূৰ্তি।
শালমৰা গাঁৱৰ প্ৰবেশ পথৰ দুৱাৰ মুখতে গাঁওৰ যুৱক সকলে গঢ়িব বিচাৰে দ্বিতীয় জুবিন ক্ষেত্র ৰূপে।
জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰে গৰিমা গাৰ্গ শইকীয়াই। বিশিষ্ট শিল্পী হেমচন্দ্র গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰাৰ লগতে উন্মোচনী অনুষ্ঠানত অংশগ্রহণ কৰে শিল্পী ৰাজা বৰুৱাই।