লালুকত এদিনতে সংঘটিত তিনিটাকৈ পৃথক পথ দুৰ্ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য। জানিব পৰা মতে বিয়লিৰ পৰা নিশালৈকে সংঘটিত দুৰ্ঘটনাকেইটাত এজন লোক নিহত হোৱাৰ লগতে ৬গৰাকী লোক আহত হয়।
সন্ধিয়া প্ৰায় ৮.৩০ বজাত লালুকৰ গোবিন্দপুৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন চাৰিচকীয়া বাহন আৰু স্কুটীৰ মাজত সংঘৰ্ষ হয়। দুৰ্ঘটনাত স্কুটী আৰোহী লালুকৰ নিবাসী ৰোহিত ৰয় (৩১) নামৰ যুৱকজন থিতাতে নিহত হয়।
ঘটনা বিৱৰণীৰ মতে চাৰিচকীয়া বাহনখন লালুকৰ পৰা বান্দৰদেৱাৰ দিশে গৈ থকাৰ বিপৰীতে স্কুটীখন বান্দৰদেৱাৰ পৰা লালুক অভিমুখে আহি আছিল। গোবিন্দপুৰত দুয়োখন বাহনৰ মাজত সংঘৰ্ষ হোৱাৰ ফলত চাৰিচকীয়া বাহনখন পথৰ পৰা বাগৰি পৰে। স্থানীয় ৰাইজে বাহনখনৰ চালক বিকাশ হেমৰম*ক গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
ইয়াৰ কিছুসময় পূৰ্বে লালুক থানাৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মটৰচাইকেল আৰু ই-ৰিক্সাৰ মাজত সংঘটিত হয় আন এটা দুৰ্ঘটনা। এই ঘটনাত মটৰচাইকেলত থকা দুই যুৱক গুৰুতৰভাৱে আহত হয়। আহত দুয়োকে উন্নত চিকিৎসাৰ বাবে উত্তৰ লখিমপুৰলৈ প্ৰেৰণ কৰা হয়।
আনহাতে, আজি বিয়লিও লালুকৰ গোবিন্দপুৰত সংঘটিত হয় আন এটা পৃথক পথ দুৰ্ঘটনা। স্কুটীৰে গৈ থকা লালুক খেৰবাৰীৰ দুই যুৱক এখন বৃহৎ আকাৰৰ জেচিবি কঢ়িওৱা বাহনৰ সৈতে সংঘৰ্ষত আহত হয়।
এদিনতে সংঘটিত তিনিটাকৈ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু আৰু ৬জন লোক আহত হোৱাত অঞ্চলটোত শোক আৰু চাঞ্চল্যৰ সৃষ্টি হৈছে।