হাজো-শুৱালকুছি বিধানসভা সমষ্টিত ADRE 3.0 আৰু অন্যান্য নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে পাঠদান কাৰ্যসূচী মুকলি কৰা হয়।
বিধায়ক প্ৰকাশ চন্দ্ৰ দাসৰ উদ্যোগত বিনন্দি চন্দ্ৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজিৰে পৰা প্ৰতিটো ৰবিবাৰে অনুষ্ঠিত হ’ব এই পাঠদান কাৰ্যসূচী।
সাৰথি সংস্থা, অসম আৰু ৰামদিয়া আভ্যন্তৰীণ গুণমান নিৰ্ণায়ক কোষৰ সহযোগত আয়োজন কৰা কাৰ্যসূচীটোৰ শুভাৰম্ভ কৰে বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে।
অভিজ্ঞ আৰু দক্ষ প্ৰশিক্ষকৰ জৰিয়তে পৰীক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। অঞ্চলটোৰ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা শিক্ষিত যুৱক-যুৱতীসকল এই পদক্ষেপৰ জৰিয়তে উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে আয়োজকসকলে।