হাজো-আমিনগাঁৱত চাঞ্চল্যকৰ ঘটনা ৷ হিন্দু জাগৰণ অসম উত্তৰ-কামৰূপ জিলাৰ অভিযানত প্ৰায় ১ কুইণ্টল অবৈধ গো-মাংস জব্দ, কৰায়ত্ত ৪ সৰবৰাহকাৰী ৷
কামৰূপ জিলাৰ হাজো-আমিনগাঁও সংযোগী ৰাজপথত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। হিন্দু জাগৰণ অসম, উত্তৰ-কামৰূপ জিলা শাখাৰ সহযোগত অভিযান চলাই ৰাজপথত খেদি খেদি জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ অবৈধ গো-মাংস। হাজোৰ দামপুৰৰ পৰা তিনি খন স্কুটীৰে অতি চোৰাংভাৱে কঢ়িয়াই অনা হৈছিল এই গো-মাংসখিনি।
অভিযানকাৰী দলে সৰবৰাহকাৰীৰ কবলৰ পৰা প্ৰায় ১ কুইণ্টল অবৈধ নিষিদ্ধ মাংস জব্দ কৰে। গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী ক্ৰমে, চাহিদূল আলী (মূল মাষ্টাৰমাইণ্ড), ৰফিকুল হুছেইন , ইছাহক আলী আৰু ছাহজাহান আলী।
এই অভিযানৰ পিছতেই হিন্দু জাগৰণ অসম উত্তৰ-কামৰূপ জিলাৰ সদস্য সকলে সৰবৰাহকাৰী কেইটাক দদৰা আৰক্ষী চকীৰ জিম্মাত গতাই দিয়ে।
আৰক্ষীয়ে মাংসখিনি জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত আইনী প্ৰক্ৰিয়া আৰম্ভ কৰি তদন্ত অব্যাহত ৰাখিছে। অঞ্চলটোত এনেদৰে অবৈধ মাংস সৰবৰাহ কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্র চাঞ্চল্য সৃষ্টি হৈছে।