Tue, 13 Oct 2026

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী

গীতে মাতে স্মৰণ কৰা হৈছে অসমীয়াৰ হিয়াৰ আমঠু,হৃদয়ৰ স্পন্দন কালৰত্ন ড' ভূপেন হাজৰিকাক । সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ আমিনগাঁৱতো সংগীত সূৰ্যৰ জন্ম শতবৰ্ষৰ বিস্তৃত কাৰ্যসূচী ।

গীতে মাতে স্মৰণ কৰা হৈছে অসমীয়াৰ হিয়াৰ আমঠু,হৃদয়ৰ স্পন্দন কালৰত্ন ড' ভূপেন হাজৰিকাক । সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাৰ আমিনগাঁৱতো সংগীত সূৰ্যৰ জন্ম শতবৰ্ষৰ বিস্তৃত কাৰ্যসূচী । ৯২ বছৰীয়া ঐতিহ্যমণ্ডিত আমিনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়তো পালন কৰা হৈছে বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ জন্মদিন । 

মংগলবাৰে পুৱাই ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণৰ লগতে মহান শিল্পী গৰাকীৰ কালজয়ী গীত পৰিৱেশন কৰি শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিদ্যালয় খনৰ শিক্ষাৰ্থী আৰু শিক্ষাগুৰু সকলে ।

বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে একেলগে পৰিৱেশন কৰে ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি "মানুহে মানুহৰ বাবে---" আৰু আন কেইবাটাও কালজয়ী গীত। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে কেকো কাটিলে বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলে ।


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 08 September 2026, 10:26 AM