Tue, 13 Oct 2026

৬৫ টকাৰ খাজনা ১২ হাজাৰ! হাজোত মৌজাদাৰ কাৰ্যালয়ক লৈ বিস্ফোৰক অভিযোগ

ফোন কল ৰেকৰ্ডিঙে উদঙাইছে নেকি বৃহৎ ধনৰ লেনদেনৰ তথ্য। এক বৃহৎ কেলেংকাৰীৰ অভিযোগত নাম সাঙোৰ খাইছে হাজো-শুৱালকুছি সমষ্টিৰ পূব বংশৰ মৌজাদাৰ দিলীপ ভৰালীৰ পুত্ৰ মাধুৰ্য ভৰালীৰ। পূব বংশৰ মৌজাদাৰ কাৰ্যালয়ক কেন্দ্ৰ কৰি উত্থাপন হৈছে বিস্ফোৰক অনিয়ম আৰু ধন সংগ্ৰহৰ অভিযোগ।

এক বৃহৎ কেলেংকাৰীৰ অভিযোগত নাম সাঙোৰ খাইছে হাজো-শুৱালকুছি সমষ্টিৰ পূব বংশৰ মৌজাদাৰ দিলীপ ভৰালীৰ পুত্ৰ মাধুৰ্য ভৰালীৰ। পূব বংশৰ মৌজাদাৰ কাৰ্যালয়ক কেন্দ্ৰ কৰি উত্থাপন হৈছে বিস্ফোৰক অনিয়ম আৰু ধন সংগ্ৰহৰ অভিযোগ।

জানিব পৰা মতে, মৌজাদাৰ দিলীপ ভৰালীৰ পুত্ৰ মাধুৰ্য ভৰালীৰ বিৰুদ্ধে চৰকাৰী নিৰ্ধাৰিত খাজনাৰ বিপৰীতে অত্যধিক ধন দাবী কৰাৰ অভিযোগ তুলিছে এটা পৰিয়ালে।

অভিযোগ অনুসৰি, ৬৫ টকাৰ খাজনাৰ বিপৰীতে ১২ হাজাৰ টকা দাবী কৰা হৈছিল। এই সন্দৰ্ভত পৰিয়ালটোৱে লিখিত অভিযোগো দাখিল কৰিছে।

ইয়াৰ মাজতে প্ৰকাশ পোৱা এটা ফোন কল ৰেকৰ্ডিঙে সমগ্ৰ বিষয়টো অধিক চৰ্চালৈ আনিছে। অৱশ্যে ৰেকৰ্ডিঙৰ সত্যতা আৰু ইয়াত থকা কথোপকথনৰ প্ৰকৃততা তদন্তৰ পিছতহে নিশ্চিত হ'ব।

অভিযোগকাৰী পৰিয়ালটোৰ দাবী, মৌজাদাৰৰ চকীৰ প্ৰভাৱ ব্যৱহাৰ কৰি খাজনা সংগ্ৰহৰ নামত অনিয়মভাৱে ধন দাবী কৰা হৈছিল।

অভিযোগৰ পিছত উপায়ন্তৰ হৈ পৰিয়ালটোৱে কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰে।

ইতিমধ্যে অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

এতিয়া তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য।

চৰকাৰী মাচুল যদি ৬৫ টকা—তেন্তে ১২ হাজাৰ টকা কিয়?

এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে ভুক্তভোগী পৰিয়ালটোৱে।

অভিযোগ প্ৰমাণিত হ'লে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।


P
Priyadarshini Saikia
Published: 09 September 2026, 11:22 AM