ঢকুৱাখনাত নিশা প্ৰতিষ্ঠিত ব্যৱসায়ী পৱন কুমাৰ জৈনৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ l
ঢকুৱাখনাত ব্যৱসায়ী পৱন জৈনৰ লোমহৰ্ষক হত্যাকাণ্ডই কপাই তুলিছে সমগ্ৰ অঞ্চল। উল্লেখ্য় যে চাইকেল লৈ শেষবাৰলৈ ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা ওলাই গৈছিল ঢকুৱাখনাৰ ব্যৱসায়ী পৱন জৈন l CCTVত বন্দী হত্যাৰ বলি হোৱা ব্যৱসায়ী পৱন কুমাৰ জৈন l দোকানৰ পৰা দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ চাইকেল চলাই গৈছিল ব্যৱসায়ীগৰাকী l
ইতিমধ্য়ে আৰক্ষীয়ে ব্যৱসায়ী পৱন জৈনৰ মৃতদেহ উদ্ধাৰ কৰিছে । ধনঞ্জয় চাহু নামৰ এজন লোকৰ ঘৰৰ বাথৰুমৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহ। ধনঞ্জয় চাহুৰ লগতে পত্নী-পুত্ৰসহ ৩ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ব্যৱসায়ীগৰাকীৰ মৃত্যুক লৈ সমগ্ৰ ঢকুৱাখনাত চেপা উত্তেজনাই বিৰাজ কৰিছে ।