অসমীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ আজি ১১ মহীয়া তিথি l ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যুক আকোৱালী লোৱা জুবিনে যেন আমাক নিথৰুৱা কৰি থৈ গল । শিল্পী গৰাকী আমাৰ মাজৰ পৰা আতৰি যোৱা আজি এবছৰে হল ।
আজি জুবিন গাৰ্গৰ ১১ মহীয়া তিথি উপলক্ষে পত্নী গৰিমা শইকীয়া গাৰ্গে কাহিলীপাৰা বাসগৃহত আধ্যাত্মিক ৰীতি-নীতিৰে খাই ভালপোৱা এসাঁজ ৰান্ধিছে মৰমৰ জুবিনৰ বাবে l
আনফালে, ফাষ্ট ট্রেক আদালতত চলি আছে জুবিন হত্যা গোচৰৰ শুনানি। ফাষ্ট ট্ৰেক ক’ৰ্টত ২য় দিনৰ বাবে সাক্ষ্য দিবলৈ উপস্থিত হৈছিল সুস্মিতা গোস্বামী। কিয়নো সম্পূৰ্ণ হোৱা নাছিল সাক্ষ্যদান প্ৰক্ৰিয়া ।
আজিওঁ সম্পুৰ্ণ নহল সুস্মিতা গোস্বামীৰ সাক্ষ্যদান প্ৰক্ৰিয়া,কাইলৈ পুণৰ সাক্ষ্য দিবলৈ আহিব ফাষ্টটেক কোৰ্টত । সুস্মিতা গোস্বামীৰ মন্তব্য সকলো ভিদিঅ দিয়া হৈছে আৰক্ষী আৰু চি আই দি ক ।