Tue, 13 Oct 2026

তেজপুৰত আন্তৰাষ্ট্ৰীয় সাক্ষৰতাৰ দিৱস উদযাপন

শোণিতপুৰ জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিভাগে নতুন ভাৰত সাক্ষৰতা অভিযানৰ ULLAS কাৰ্যসূচী অধীনত আন্তৰাষ্ট্ৰীয় সাক্ষৰতাৰ দিৱস তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত উদযাপন কৰা হয় । মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শোণিতপুৰ জিলাৰ সহকাৰী আয়ুক্ত ৰাজেন কুমাৰ আচাৰ্যই।

শোণিতপুৰ জিলা প্ৰাপ্তবয়স্ক শিক্ষা বিভাগে নতুন ভাৰত সাক্ষৰতা অভিযানৰ ULLAS কাৰ্যসূচী অধীনত আন্তৰাষ্ট্ৰীয় সাক্ষৰতাৰ দিৱস তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়ত উদযাপন কৰা হয়। মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে শোণিতপুৰ জিলাৰ সহকাৰী আয়ুক্ত ৰাজেন কুমাৰ আচাৰ্যই।

ULLAS কাৰ্যসূচী ৰ যোগেদি শোণিতপুৰ জিলাৰ সকলো ব্যক্তিক স্বাক্ষৰ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে আৰু তাৰ বাবে সকলো অঞ্চলত ছাৰ্ভে কৰি অনাক্ষৰ ব্যক্তি সকলক বিচাৰি উলিয়াই তেওঁলোকক শিক্ষা প্ৰদানৰ বাবে স্বেচ্ছাসেৱক শিক্ষক নিযুক্ত কৰা হৈছে বুলি তেখেতে জানিব দিয়ে লগতে সকলো সচেতন ব্যক্তিক  নিজৰ ওচৰ চুবুৰীৰ অনাক্ষৰ ব্যক্তি সকলক শিক্ষিত কৰাৰ বাবে আগবহি আহিবলৈ অনুৰোধ জনায়।

ইতিমধ্যে, চেচা , দুৰুং , আদি চাহ বাগিচাত সজাগতাৰ ৰেলি কৰি বাগানৰ লোক সকলক শিক্ষিত কৰাৰ প্ৰয়াস কৰা হৈছে। নামেৰী , মিছামাৰি আদি অঞ্চলত সজাগতা সভাপতি নিৰক্ষৰ লোকসকলক স্বাক্ষৰ কৰাৰ প্ৰয়াস কৰা হৈছে ।


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 10 September 2026, 02:47 PM