Tue, 13 Oct 2026

ডিগবৈ শোধানাগাৰত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

ডিগবৈ শোধানাগাৰত ঠিকাভিত্তিক শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ। বেতন চুক্তি আৰু মেডিকেল ফেচিলিটীকে ধৰি দীৰ্ঘদিনীয়া দাবী পূৰণৰ দাবীত এই প্ৰতিবাদ। দাবীসমূহ মানি নল’লে অধিক তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীসকলৰ।

ডিগবৈ শোধানাগাৰৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত আজি পুৱাৰে পৰা ঠিকাভিত্তিক শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

শোধানাগাৰত কৰ্মৰত ঠিকাভিত্তিক শ্ৰমিক সংগঠনসমূহৰ বেতন চুক্তি, মেডিকেল ফেচিলিটীকে ধৰি বিভিন্ন দীৰ্ঘদিনীয়া দাবী আই অ’ চি এল কৰ্তৃপক্ষই মানি নোলোৱাৰ অভিযোগত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।

শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া দাবীসমূহ শীঘ্ৰে মানি নল’লে আগন্তুক দিনত ইয়াতকৈও অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।


P
Priyadarshini Saikia
Published: 10 September 2026, 05:30 PM