সোণাপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰী কঢ়িয়াই নিয়া এখন যাত্ৰীবাহী বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হোৱাত কেইবাজনো যাত্ৰী আহত হয়।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS01SC1587। দুৰ্ঘটনাৰ ফলত বাহনখনৰ সন্মুখভাগ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। আহতসকলৰ ভিতৰত বাহনখনৰ চালক আৰু হেণ্ডিমেনো আছে বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোক আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। আহত যাত্ৰী, চালক আৰু হেণ্ডিমেনক উদ্ধাৰ কৰি ততাতৈয়াকৈ সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ইফালে, সোণাপুৰ যান-বাহন আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।