LNIPE ৰ ছাত্ৰী শ্ৰুতি উপাধ্যায় মৃত্যুৰ উচিত ন্যায় বিচাৰি LNIPE ৰ ছাত্ৰ ছাত্ৰী সকলৰ সাব্যস্ত প্ৰতিবাদ।
শ্ৰুতি উপাধ্যায়ৰ অকাল মৃত্যুৰ বাবে LNIPE ৰ ছাত্ৰী আৱাসিকৰ চিফ ৱাৰ্ডেন মেৰিলিন গগৈ সহিতে LNIPE ৰ অধীনস্থ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ মূখ্য চিকিৎসক ডাঃ জ্যোতি প্ৰসাদ বৰ্মন আৰু নাৰ্ছ ৰূপাঞ্জলী কোঁৱৰক জগৰীয়া কৰি তিনিওজনৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষী থানাত ইতিমধ্য়ে এজাহাৰ দাখিল কৰা হৈছে।
উল্লেখ্য় যে সোণাপুৰ থানাৰ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত মেৰিলিন গগৈ আৰু ৰূপাঞ্জলী কোঁৱৰ নামৰ দুজন ব্যক্তিক সোধপোছৰ বাবে সোণাপুৰ থানালৈ লৈ যায় ।
LNIPE ৰ Dean ড° শংকৰজ্যোতি বসুমতাৰীৰ মন্তব্য় অভিযুক্তসকলৰ বিৰুদ্ধে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰি মেৰিলিন গগৈ , ডাঃ জ্যোতি প্ৰসাদ বৰ্মন আৰু ৰূপাঞ্জলী কোঁৱৰক যথা দ্বায়িত্বৰ পৰা অৱ্যাহতি দিয়া হয় ।
ছাত্ৰী শ্ৰুতি উপাধ্যায়ক ভুল চিকিৎসা কৰি মৃত্যুৰ মুখলৈ তিলতিলকৈ ঠেলি দিয়াৰ অভিযোগ উঠিছে ডা: জ্যোতি প্ৰসাদ বৰ্মনৰ বিৰুদ্ধে