Tue, 13 Oct 2026

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি । জগত গুৰু  শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিক লৈ এতিয়া উখল মাখল পৰিবেশে বিৰাজ কৰিছে সমগ্র ৰাজ্যত ।

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি । জগত গুৰু  শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিক লৈ এতিয়া উখল মাখল পৰিবেশে বিৰাজ কৰিছে সমগ্র ৰাজ্যত ।

সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ।

পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মাজুলীৰ সত্ৰ নামঘৰসমূহ। মাজুলীৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত পুৱাৰ পৰা চাৰি নাম চৈধ্য প্ৰসংগ, খোল-তাল, বৰগীতৰ অমিয়া সুৰেৰে মুখৰিত হৈ পৰিছে । এক কথাত ক’বলৈ গ’লে দ্বিতীয় বৈকুণ্ঠ লৈ পৰিণত হৈছে আজি সত্ৰ নগৰী মাজুলী ।

গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে আজি পুৱাৰ পৰাই মাজুলীৰ সত্ৰানুস্থান আৰু নামঘৰ সমূহত ভক্তসকলে ভীৰ কৰা পৰিলক্ষিত হৈছে । গুৰুজনাৰ তিৰোভাব তিথিক লৈ এই নামঘৰ ভাগিটো উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰিছে ।


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 12 September 2026, 10:48 AM