Tue, 13 Oct 2026

নতুন দিল্লীৰ 'ভাৰত মণ্ডপম'ত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলন

নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলন । এই সন্মিলনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, লগতে ইৰাণ, দক্ষিণ আফ্ৰিকা আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতিসহ কেইবাগৰাকীও বিশ্বৰ আগশাৰীৰ নেতাই অংশগ্ৰহণ কৰিছে। 

ভাৰতে ১২ আৰু ১৩ ছেপ্টেম্বৰ শনিবাৰ আৰু দেওবাৰে  নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনৰ আয়োজন কৰিছে। এই বৃহৎ সন্মিলনত BRICS সদস্য দেশসমূহৰ নেতা, অংশীদাৰ দেশ আৰু বিশেষ আমন্ত্ৰিত অতিথিসকল একেখন মঞ্চত উপস্থিত হৈছে।

এইবাৰৰ ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হৈছে সহনশীলতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষমতা। সহজ ভাষাত ক’বলৈ গ’লে, এইবাৰৰ বিষয়বস্তুৰ মূল বাৰ্তা হৈছে ‘মানৱতাই সৰ্বপ্ৰথম’।

সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, আৰু ইৰাণ, দক্ষিণ আফ্ৰিকা আৰু ইজিপ্তৰ ৰাষ্ট্ৰপতিসহ কেইবাগৰাকীও বিশ্বৰ আগশাৰীৰ নেতা অংশগ্ৰহণ কৰিছে l

Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 12 September 2026, 02:07 PM