Tue, 13 Oct 2026

নতুন দিল্লীৰ ভাৰত মণ্ডপমত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলন

ৰাজধানী নতুন দিল্লীত ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনক লৈ প্ৰস্তুতি তুংগত উঠিছে। BRICS অৰ্থাত Brazil (ব্ৰাজিল) R (ৰাছিয়া) I india ভাৰত C  (চীন) S south africa(দক্ষিণ আফ্ৰিকা) । ইয়াৰ মূল লক্ষ্য হৈছে অৰ্থনৈতিক সহযোগিতা, বাণিজ্য, বিনিয়োগ আৰু উন্নয়নৰ ক্ষেত্ৰত সদস্য দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা। 

ৰাজধানী নতুন দিল্লীত ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনক লৈ প্ৰস্তুতি তুংগত উঠিছে। BRICS অৰ্থাত Brazil (ব্ৰাজিল) R (ৰাছিয়া) I india ভাৰত C  (চীন) S south africa(দক্ষিণ আফ্ৰিকা) । ইয়াৰ মূল লক্ষ্য হৈছে অৰ্থনৈতিক সহযোগিতা, বাণিজ্য, বিনিয়োগ আৰু উন্নয়নৰ ক্ষেত্ৰত সদস্য দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা। 

উল্লেখযোগ্য যে, সম্প্ৰসাৰিত BRICS গোটৰ নেতাসকলে বিশ্ব শাসন ব্যৱস্থা, বহুপাক্ষিকতা, বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, খাদ্য আৰু শক্তি সুৰক্ষা, স্বাস্থ্য, দুৰ্যোগ ব্যৱস্থাপনা আৰু গুৰুত্বপূৰ্ণ যোগান শৃংখল আদি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিব। ইতিমধ্য়ে ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে দিল্লীত উপস্থিত হৈছেহি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ।

উল্লেখ্য় যে, শীৰ্ষ সন্মিলনখনি আৰম্ভণি হ’ব দুপৰীয়া ২:৩৫ বজাত BRICS সদস্য দেশসমূহৰ নেতাসকলৰ ৰুদ্ধদ্বাৰ বৈঠকেৰে। বৈঠকৰ বিষয় হৈছে ‘অন্তৰ্ভুক্তিমূলক বিশ্ব শাসন ব্যৱস্থা আৰু বহুপাক্ষিকতাক শক্তিশালী কৰা।

ইয়াৰ পিছত সন্ধিয়া ৪:২৫ বজাত সকলো নেতাই ‘India Innovates Exhibition’ পৰিদৰ্শন কৰিব। সন্ধিয়া ৫:০৫ বজাত অনুষ্ঠিত হ’ব আনুষ্ঠানিক ‘Family Photo’ আৰু যৌথভাৱে গছপুলি ৰোপণ কাৰ্যসূচী। দিনটোৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ধিয়া ৭:৩০ বজাত অতিথি নেতাসকলৰ সন্মানাৰ্থে এক ভোজমেলৰো আয়োজন কৰিছে ।

দ্বিতীয় দিনা পুৱা ৯:৫৫ বজাৰ পৰা BRICS সদস্য দেশ, অংশীদাৰ দেশ আৰু আমন্ত্ৰিত অতিথিসকলৰ আগমন আৰম্ভ হ’ব। পুৱা ১০:৩৫ বজাত অনুষ্ঠিত হ’ব আনুষ্ঠানিক গ্ৰুপ ফটো। ইয়াৰ পিছতে ১০:৫০ বজাত আৰম্ভ হ’ব মূল মুকলি অধিৱেশন।

বিশ্বৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীক বহুস্তৰীয় নিৰাপত্তা বেষ্টনীৰে আবৃত কৰা হৈছে। নিৰাপত্তা ব্যৱস্থা নিয়ন্ত্ৰণৰ বাবে প্ৰায় ১৫,০০০ দিল্লী আৰক্ষীৰ জোৱান আৰু অৰ্ধসামৰিক বাহিনীৰ ২০০টা কোম্পানী মোতায়েন কৰা হৈছে। চৌদিশে নিৰীক্ষণৰ বাবে ৫০০ৰো অধিক CCTV কেমেৰা স্থাপন কৰা হৈছে।

কূটনৈতিক এলেকা আৰু বিদেশী অতিথিসকল থকা হোটেলসমূহৰ চৌপাশে নিৰাপত্তা অধিক কটকটীয়া কৰা হৈছে। চীন, ৰাছিয়া আৰু ইৰাণৰ বাবে পৃথক পৃথক হোটেল নিৰ্ধাৰণ কৰা হৈছে। এই দেশসমূহৰ নিজা নিৰাপত্তা দলসমূহো ৰাষ্ট্ৰপতিসকলৰ আগমনৰ পূৰ্বেই দিল্লীত উপস্থিত হৈছে। নিৰাপত্তা ব্যৱস্থা কেৱল সন্মিলনৰ স্থানতে সীমাবদ্ধ ৰখা হোৱা নাই। নাগৰিক বিমান পৰিবহণ সঞ্চালকালয় (DGCA)-এ উত্তৰ ভাৰতৰ সাতখন ৰাজ্যত বিমান চলাচলৰ ক্ষেত্ৰতো কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে। ইয়াৰ উপৰি শুকুৰবাৰৰ পৰা ৫২ ঘণ্টাৰ বাবে দিল্লীৰ ৩০০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত লঘু বিমান, ড্ৰোন (UAV) আৰু অনুৰূপ আকাশী যানৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। সন্মিলনক কেন্দ্ৰ কৰি দিল্লীৰ ট্ৰেফিক ব্যৱস্থাতো একাধিক পৰিৱৰ্তন কৰা হৈছে। ইয়াৰ লগতে নতুন দিল্লী ৰে'ল ষ্টেচনত ৰে'ল চলাচলৰ ক্ষেত্ৰতো ৰে'ল বাতিল, পথ সলনি আৰু সময়সূচী পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

এই দুদিনীয়া কূটনৈতিক সন্মিলন কভাৰ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা প্ৰায় ১,২০০ৰ পৰা ১,৩০০গৰাকী সাংবাদিক নতুন দিল্লীত উপস্থিত হৈছে।  এই সন্মিলনখনেই দুদিনীয়া কূটনৈতিক আয়োজনৰ মূল কেন্দ্ৰবিন্দু হৈ পৰিছে।


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 12 September 2026, 02:07 PM