সোণাপুৰত নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী স্কুটি আৰোহী যুৱতী গুৰুতৰভাৱে আহত হয়। সোণাপুৰ ফ্লাইঅ’ভাৰৰ তলত পেট্ৰ’ল পাম্পৰ সন্মুখত নিশা প্ৰায় ৯.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।
জানিব পৰা মতে, *AS01RC2716* নম্বৰৰ এখন মেক্সিমো বাহনে ভুল দিশেৰে তীব্ৰ গতিত আহি গুৱাহাটী দিশৰ পৰা সোণাপুৰ অভিমুখে গৈ থকা *AS01FZ0293* নম্বৰৰ স্কুটিখনত খুন্দা মাৰে। খুন্দাৰ ফলত স্কুটি আৰোহী যুৱতীগৰাকী পথত বাগৰি পৰি গুৰুতৰভাৱে আহত হয়।
স্থানীয় ৰাইজে ততাতৈয়াকৈ আহত যুৱতীগৰাকীক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে সোণাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত যুৱতীগৰাকী সোণাপুৰ ডিগাৰুৰ ব্ৰজামৰ *বিশাখা পল* বুলি জানিব পৰা গৈছে। তেওঁ গুৱাহাটীৰ জে বি আইন মহাবিদ্যালয়ৰ ছাত্ৰী।
ইফালে, স্থানীয় ৰাইজে অভিযোগ কৰিছে যে মেক্সিমো বাহনখনৰ চালকজন সুৰাসক্ত অৱস্থাত আছিল আৰু ভুল দিশেৰে তীব্ৰ গতিত বাহন চলাইছিল। অৱশ্যে চালকজন সুৰাসক্ত আছিল নে নাই, সেয়া আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে সোণাপুৰ যানবাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মেক্সিমো বাহনখনৰ চালকজনক আটক কৰি সোধ-পোছৰ বাবে সোণাপুৰ আৰক্ষী থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।