এক ডাঙৰ খবৰ
পত্নী ৰিয়া তালুকদাৰক হ*ত্যা কৰি ফ্ৰীজত ছিন্নমুণ্ড ৰখা ৰামানুজৰ মৃত্য়ু l এক দুৰ্ঘটনাত মৃত্যু ৰামানুজ গোস্বামীৰ l
আৰক্ষীৰ মন্তব্য়, যোৱা নিশা অসুস্থ হোৱাৰ বাবে GMCHলৈ অনা হৈছিল ৰামানুজক l GMCHলৈ অনা সময়তে গাড়ীৰ পৰা জপিয়াই আ*ত্ম*হ*ত্যা কৰে হত্য়াকাৰী ৰামানুজে l কাহিলীপাৰাৰ নৰকাসুৰ পাহাৰত পথত সংঘটিত হয় এই ঘটনা । ইতিমধ্য়ে GMCHত চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে ৰামানুজক ।
উল্লেখ্য় যে পত্নী ৰিয়া তালুকদাৰক হ*ত্যা কৰাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰামানুজক আৰু হত্য়াকাৰী ৰামানুজক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখিছিল । ঘটনা অনুসৰি, দেওবাৰে নিশা ৰামানুজ অসুস্থ হৈ পৰাত গুৱাহাটী মেডিকেললৈ লৈ যোৱা হৈছিল নিশাই । আৰক্ষীৰ মন্তব্য় মেডিকেললৈ গৈ থকাৰ সময়তেই গাড়ীৰ পৰা জপিয়াবলৈ চেষ্টা কৰে আৰু গুৰুত্বৰভাৱে আহত হয় । ততাতৈয়াকৈ হস্পাতাল লৈ যোৱা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে l