গণেশ চতুৰ্থী, এক পৱিত্ৰ হিন্দু ধৰ্মীয় উৎসৱ। ভগৱান গণেশক জ্ঞান, বুদ্ধি, সমৃদ্ধি আৰু সৌভাগ্যৰ দেৱতা হিচাপে পূজা কৰা হয়। সাধাৰণতে ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত এই উৎসৱ পালন কৰা হয়।
এই দিনটোত ভক্তসকলে ঘৰে ঘৰে বা পূজামণ্ডপত গণেশৰ মূৰ্তি স্থাপন কৰি বিধি-বিধানেৰে পূজা-অৰ্চনা কৰে। গণেশক দুৰ্বা, ৰঙা ফুল, লাড্ডু আৰু বিভিন্ন ফল-মূল অৰ্পণ কৰা হয়। পূজাৰ সময়ত গণেশ বন্দনা, মন্ত্ৰপাঠ আৰু আৰতি কৰা হয়। বিশ্বাস কৰা হয় যে ভক্তিভাৱে গণেশক পূজা কৰিলে বাধা-বিঘিনি দূৰ হয় আৰু জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি লাভ কৰে।
গণেশ চতুৰ্থীৰ আন এক বিশেষ দিশ হৈছে গণেশ বিসৰ্জন। কেইবাদিনো পূজা-অৰ্চনাৰ পিছত ভক্তসকলে আনন্দ-উল্লাসেৰে গণেশৰ মূৰ্তি শোভাযাত্ৰাৰে লৈ গৈ জলাশয়ত বিসৰ্জন দিয়ে। এই সময়ত ভক্তসকলে ‘গণপতি বাপ্পা মৰিয়া’ ধ্বনিৰে পৰিৱেশ মুখৰিত কৰি তুলে।
গণেশ চতুৰ্থী মূলতঃ মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু অন্যান্য ৰাজ্যৰ লগতে অসমতো ব্যাপকভাৱে পালন কৰা পৰিলক্ষিত হৈছে । বৰ্তমান অসমৰ বিভিন্ন স্থানতো গণেশ পূজাক লৈ ভক্তসকলৰ মাজত উৎসাহ-উদ্দীপনা দেখা গৈছে । এই উৎসৱে ধৰ্মীয় বিশ্বাসৰ লগতে ভাতৃত্ববোধ, একতা আৰু সামাজিক সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনে।