সোমবাৰে আবেলি ৪ বাজি ২৫ মিনিটত ইহলীলা সম্বৰণ কৰে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ, পদ্মশ্ৰী গোপীৰাম বৰগায়নে। ১০৩ বছৰ বয়সত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰীয়া সংস্কৃতিৰ এইগৰাকী মহান সাধকে।
গোপীৰাম বৰগায়নৰ বিয়োগৰ খবৰ পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈষ্ণৱগৰাকীৰ শেষকৃত্য ৰাজ্যিক মৰ্য্যাদাৰে সম্পন্ন কৰাৰ কথা ঘোষণা কৰিছিল।
সেই অনুসৰি আজি ৰাজ্যিক মৰ্য্যাদাৰে সম্পন্ন কৰা হয় বুঢ়াভকতৰ শেষকৃত্য। শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা। বৈষ্ণৱগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে।সত্ৰীয়া সংস্কৃতিৰ সাধক, গায়ন-বায়ন আৰু বৈষ্ণৱ পৰম্পৰাৰ এক উজ্জ্বল নক্ষত্ৰ গোপীৰাম বৰবায়ন বুঢ়াভকতৰ মহাপ্ৰয়াণে অসমৰ সাংস্কৃতিক জগতত এক অপূৰণীয় শূন্যতাৰ সৃষ্টি কৰিলে।