আন্তঃৰাষ্ট্ৰীয় জলসীমাত ভাৰতীয় নৌসেনাৰ এখন ইউনিটৰ সৈতে পাকিস্তানৰ নৌসেনাৰ এখন ইউনিটৰ সংঘৰ্ষৰ পিছত পাকিস্তানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ভাৰতে।
বুধবাৰে নতুন দিল্লীত পাকিস্তানৰ চাৰ্জ দ্য’এফেয়াৰ্ছক তলব কৰি এই ঘটনাক লৈ আপত্তি জনায় ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।
মন্ত্ৰালয়ে পাকিস্তানৰ নৌসেনাৰ এই আচৰণক ‘গ্ৰহণযোগ্য নোহোৱা আৰু অপেছাদাৰী’ বুলি অভিহিত কৰে।
অৱশ্যে এই ঘটনাত কোনো ডাঙৰ ক্ষতি হোৱা নাই বুলি জনাইছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।
ভাৰতে লগতে কয় যে পাকিস্তানৰ নৌসেনাৰ জাহাজখনৰ এই আচৰণ ১৯৯১ চনত ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰিত সামৰিক অনুশীলন, কুচকাৱাজ আৰু সেনা চলাচলৰ আগতীয়া জাননী সম্পৰ্কীয় চুক্তিৰ ১০ নম্বৰ অনুচ্ছেদৰ পোনপটীয়া উলংঘন।
চুক্তি অনুসৰি, আন্তঃৰাষ্ট্ৰীয় জলসীমাত চলাচলৰ সময়ত দুয়োখন দেশৰ নৌসেনাৰ জাহাজ আৰু ছাবমেৰিনৰ মাজত কমেও তিনি নটিকেল মাইল দূৰত্ব বজাই ৰখাটো বাধ্যতামূলক। ইয়াৰ মূল উদ্দেশ্য হৈছে এনে ধৰণৰ দুৰ্ঘটনা প্ৰতিৰোধ কৰা।