গুৱাহাটীত দক্ষিণ কোৰিয়াৰ ভাৰতস্থিত ৰাষ্ট্ৰদূত লি ছিয়ং-হোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।
সাক্ষাৎকালত অসম আৰু দক্ষিণ কোৰিয়াৰ মাজত ছেমিকণ্ডাক্টৰ, কছমেটিকছ আৰু টেক পাৰ্কৰ ক্ষেত্ৰত সম্ভাৱ্য অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ উপৰি মনোৰঞ্জন আৰু K-popৰ জৰিয়তে সাংস্কৃতিক বিনিময়ৰ সম্ভাৱনাও আলোচনা কৰে দুয়োপক্ষই।
২০২৫ চনত ছিউল ভ্ৰমণৰ স্মৃতি সোঁৱৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কোৰিয়াৰ প্ৰযুক্তিগত উৎকৰ্ষতা, উদ্যোগিক দৃষ্টিভংগী আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ কথা উল্লেখ কৰে।
সাক্ষাৎৰ সময়ত মুখ্যমন্ত্ৰীয়ে কোৰিয়াৰ ৰাষ্ট্ৰদূতগৰাকীক এশিঙীয়া গঁড় আৰু অসমৰ চাহৰ স্মাৰক উপহাৰ দিয়ে।