Tue, 13 Oct 2026

জম্মু-কাশ্মীৰত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ নিহত

জম্মু-কাশ্মীৰৰ বাডগাম জিলাত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ জ্যেষ্ঠ কমাণ্ডাৰ মহম্মদ আছিফ ওৰফে হাছিম মুছা নিহত হৈছে।

বুধবাৰে ইয়োছমাৰ্গৰ উচ্চ অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছতে অভিযান আৰম্ভ কৰে নিৰাপত্তাৰক্ষীয়ে।

ভাৰতীয় সেনা, জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফে যৌথভাৱে চলোৱা এই অভিযানৰ সময়ত পালমাইদান অঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ হয়।

নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ পিছতে দুয়োপক্ষৰ মাজত গুলীয়াগুলী আৰম্ভ হয়। এই সংঘৰ্ষতে লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ হাছিম মুছা নিহত হয়।

অভিযানৰ পিছত তালাচী চলাই মুছাৰ মৃতদেহৰ লগতে কেইবিধমান যুদ্ধসদৃশ সামগ্ৰী উদ্ধাৰ কৰা হয়।

নিৰাপত্তা সূত্ৰৰ মতে, হাছিম মুছা পাকিস্তান সেনাৰ স্পেচিয়েল ছাৰ্ভিচেছ গ্ৰুপ বা SSGৰ প্ৰাক্তন কমাণ্ডো আছিল। সেনাৰ চাকৰি এৰাৰ পিছত তেওঁ লস্কৰ-ই-তৈবাত যোগদান কৰিছিল বুলি জানিব পৰা গৈছে।

জম্মু-কাশ্মীৰত অনুপ্ৰৱেশ কৰাৰ পিছত তেওঁ সংগঠনটোৰ এগৰাকী জ্যেষ্ঠ কমাণ্ডাৰ হিচাপে সক্ৰিয় হৈ আছিল বুলি নিৰাপত্তা সূত্ৰই দাবী কৰিছে।

ইফালে, ২০২৫ চনৰ পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ গোচৰতো হাছিম মুছা নিৰাপত্তা সংস্থাৰ ৱাণ্টেড তালিকাত আছিল বুলি জানিব পৰা গৈছে। পহেলগাম আক্ৰমণত ২৬জন পৰ্যটকৰ মৃত্যু হৈছিল।

মুছাৰ বিষয়ে তথ্য যোগান ধৰাৰ বাবে ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল বুলিও সূত্ৰই জনাইছে।

‘অপাৰেচন কোৰাগ’ৰ অধীনত চলোৱা এই অভিযানৰ পিছতো ইয়োছমাৰ্গ অঞ্চলত নিৰাপত্তাৰক্ষীৰ তালাচী অভিযান অব্যাহত আছে। অঞ্চলটোত আন কোনো সন্ত্ৰাসবাদী লুকাই আছে নেকি আৰু অধিক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিব পাৰি নেকি, সেই উদ্দেশ্যে অভিযান চলাই থকা হৈছে।


P
Priyadarshini Saikia
Published: 01 October 2026, 06:06 PM