Tue, 13 Oct 2026

মস্কোত ৰাছিয়ান স্থল বাহিনীৰ প্ৰধানৰ সৈতে ভাৰতীয় সেনা প্ৰধান জেনেৰেল ধীৰজ শেঠৰ বৈঠক

ভাৰতীয় সেনা প্ৰধান জেনেৰেল ধীৰজ শেঠে মস্কোত ৰাছিয়ান স্থল বাহিনীৰ প্ৰধান কৰ্ণেল জেনেৰেল আলেকজেণ্ডাৰ মাতোভনিকভৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত ভাৰত-ৰাছিয়াৰ কৌশলগত অংশীদাৰিত্ব, আঞ্চলিক নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বিষয়ত আলোচনা হয়। জেনেৰেল ধীৰজ শেঠৰ ৰাছিয়া ভ্ৰমণৰ মূল লক্ষ্য হৈছে দুয়োখন দেশৰ সেনাৰ মাজৰ সম্পৰ্ক আৰু সামৰিক সহযোগিতা অধিক গভীৰ কৰা।

ভাৰতীয় সেনা প্ৰধান জেনেৰেল ধীৰজ শেঠে মস্কোত ৰাছিয়ান স্থল বাহিনীৰ প্ৰধান কৰ্ণেল জেনেৰেল আলেকজেণ্ডাৰ মাতোভনিকভৰ সৈতে বৈঠকত মিলিত হয়।

বৈঠকত দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব, আঞ্চলিক নিৰাপত্তা আৰু বহুমেৰু বিশ্বব্যৱস্থাকে ধৰি বিভিন্ন বিষয়ত আলোচনা হয়। ৰাছিয়াৰ পক্ষই ভাৰত-ৰাছিয়া প্ৰতিৰক্ষা আৰু সামৰিক সহযোগিতা অধিক গভীৰ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে।

জেনেৰেল ধীৰজ শেঠ বৰ্তমান ৰাছিয়াৰ চৰকাৰী ভ্ৰমণত আছে। এই ভ্ৰমণৰ মূল লক্ষ্য হৈছে দুয়োখন দেশৰ সেনাৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰা আৰু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰা।


P
Priyadarshini Saikia
Published: 17 September 2026, 04:36 PM