Tue, 13 Oct 2026

 এছিয়ান গেমছ ২০২৬ৰ পূৰ্বে নাগোয়াত বিশৃংখলা

জাপানৰ নাগোয়াত অনুষ্ঠিতব্য এছিয়ান গেমছ ২০২৬ৰ পূৰ্বে বাসস্থান সংকটে সমস্যাত পেলাইছে বিভিন্ন দেশৰ খেলুৱৈক। ভাৰতীয় খেলুৱৈ আৰু বিষয়াসকলে ১৪ ঘণ্টাতকৈ অধিক সময় কোঠাৰ বাবে অপেক্ষা কৰিবলগীয়া হোৱা বুলি খবৰ প্ৰকাশ পাইছে। ভাৰতীয় দলৰ বাবে অতিৰিক্ত ১৫টা কোঠাৰ ব্যৱস্থা কৰা হৈছে। ইফালে, ভাৰতীয় শ্বুটাৰসকলে প্ৰশিক্ষণস্থলীলৈ যাবলৈ দুই ঘণ্টাতকৈ অধিক সময় যাত্ৰা কৰিবলগীয়া হৈছে।

জাপানৰ নাগোয়াত এছিয়ান গেমছ ২০২৬ৰ পূৰ্বে দেখা দিছে বাসস্থান সংকট। ভাৰতীয় খেলুৱৈ আৰু বিষয়াসহ কেইবাখনো দেশৰ প্ৰতিনিধিয়ে ১৪ ঘণ্টাতকৈ অধিক সময় কোঠাৰ বাবে অপেক্ষা কৰিবলগীয়া হোৱা বুলি খবৰ প্ৰকাশ পাইছে।

থাইলেণ্ড, ভিয়েটনাম, চীন আৰু দক্ষিণ কোৰিয়াৰ খেলুৱৈসকলেও একেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। ভাৰতীয় দলৰ বাবে অতিৰিক্ত ১৫টা কোঠাৰ ব্যৱস্থা কৰা হৈছে।

ইফালে, ২০ ছেপ্টেম্বৰৰ পৰা শ্বুটিং ইভেণ্ট আৰম্ভ হ’বলগীয়া ভাৰতীয় শ্বুটাৰসকলে প্ৰশিক্ষণ স্থলীলৈ যাবলৈ দুই ঘণ্টাতকৈ অধিক সময় যাত্ৰা কৰিবলগীয়া হোৱাৰ কথাও প্ৰকাশ পাইছে।


P
Priyadarshini Saikia
Published: 17 September 2026, 05:02 PM