Tue, 13 Oct 2026

জুবিন বিহীন এটা বছৰ

১৯ ছেপ্তেম্বৰ,  সেই দিনটো কোনো কালে কোনেও পাহৰিব নোৱাৰে ৷ প্ৰাণৰ শিল্পীগৰাকীৰ উপলক্ষে আয়োজন কৰা হৈছে সোণাপুৰৰ জুবিন ক্ষেত্রত তিনিদিনীয়া কাৰ্য্যসূচীৰে জুবিন দিৱস ৷

জুবিন বিহীন এটা বছৰ ৷ ১৯ ছেপ্তেম্বৰ,  সেই দিনটো কোনো কালে কোনেও পাহৰিব নোৱাৰে ৷ প্ৰাণৰ শিল্পীগৰাকীৰ উপলক্ষে আয়োজন কৰা হৈছে সোণাপুৰৰ জুবিন ক্ষেত্রত তিনিদিনীয়া কাৰ্য্যসূচীৰে জুবিন দিৱস ৷ আজিৰ পুৱাৰে পৰা আয়োজন কৰা হৈছে সর্ব ধর্ম প্রার্থনা ৷ বিভিন্ন দলসমূহে পৰিবেশন কৰিছে নাম ৷

সমান্তৰালকৈ ১৮ ছেপ্তেম্বৰত গীতে- মাতে সোঁৱৰণ কৰা হ'ব প্রাণৰ শিল্পী গৰাকীক ৷ লগতে ১৯ ছেপ্তেমৰত পুৱাৰ পৰা আয়োজন কৰা হ'ব ভাগৱত পাঠ আৰু তাৰপিছতেই সন্ধিয়ালৈ থাকিব ভাওনা ৷

পুৱাৰ ভাগতেই জুবিন ক্ষেত্রত উপস্থিত হয় গৰিমা শইকীয়া গার্গ l উপস্থিত থাকিল জুবিনৰ লগত কাল ধৰি লগতে থকা সতীর্থ ৰাজা, পার্থ গোস্বামী  ৷

যোৱা নিশা জুবিন গাৰ্গক সুঁৱৰি উপস্থিত থাকিল গায়িকী ঋতিষা শর্মা আৰু মার্চেল বৰুৱা ৷ দুয়োকে শিল্পী গৰাকীৰ ছবিত ৰং বুলা দেখা গ'ল ৷ 


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 17 September 2026, 12:16 PM