ৰাজ্যত দুগ্ধ উৎপাদন বৃদ্ধি কৰাৰ লগতে দুগ্ধ পালকসকলৰ আয় বৃদ্ধিৰ লক্ষ্যৰে দুগ্ধ উৎপাদক সমিতি গঠন কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়া অনুসৰি, এই উদ্যোগৰ জৰিয়তে দুগ্ধ পালকসকলক প্ৰতি লিটাৰ গাখীৰত অতিৰিক্ত ৫ টকাকৈ আৰ্থিক সুবিধা প্ৰদান কৰা হ’ব।
দুগ্ধ উৎপাদকসকলক এক সংগঠিত মঞ্চ প্ৰদান কৰাৰ লগতে গাখীৰ উৎপাদন বৃদ্ধিৰ বাবে উৎসাহিত কৰাই এই পদক্ষেপৰ মূল লক্ষ্য।
এই উদ্যোগৰ জৰিয়তে অসমৰ দুগ্ধ খণ্ড অধিক শক্তিশালী কৰাৰ লগতে গৰু পালকসকলৰ আয় বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে।
দুগ্ধ পালকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে ৰাজ্যত দুগ্ধ উৎপাদন বৃদ্ধিৰ বাবে আগন্তুক দিনতো চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।