Tue, 13 Oct 2026

খটখটী আৰক্ষীৰ অভিযানত লাহৰিজানত নকল টকা উদ্ধাৰ, দুজন আটক

কাৰ্বি আংলঙৰ লাহৰিজানত খটখটী আৰক্ষীৰ অভিযানত ৫,০০০ টকাৰ নকল নোট উদ্ধাৰ কৰা হৈছে। ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত মনটু গড় আৰু সম্বু ৰয় নামৰ দুজনক আটক কৰা হৈছে। নকল টকাৰ চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত লাহৰিজানত নকল টকাৰ বিৰুদ্ধে খটখটী আৰক্ষীৰ অভিযান।

লাহৰিজানৰ মনজু স্বাহ হোটেলত এজন গ্ৰাহকে ৫০০ টকাৰ নোট দিয়াৰ পিছত নোটখন নকল বুলি সন্দেহ কৰে হোটেল কৰ্তৃপক্ষই। লগে লগে খটখটী আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ব্যক্তিজনক আটক কৰে।

আৰক্ষীয়ে আটকাধীন ব্যক্তিজনৰ পৰা মুঠ ৫,০০০ টকাৰ নকল নোট উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত লাহৰিজানৰ মনটু গড়ক আটক কৰাৰ পিছত তেওঁৰ জেৰাৰ ভিত্তিত সম্বু ৰয় নামৰ আন এজনকো আটক কৰে আৰক্ষীয়ে।

উদ্ধাৰ হোৱা নকল নোটসমূহ জব্দ কৰি দুয়োজনকে সোধা-পোছা অব্যাহত ৰাখিছে খটখটী আৰক্ষীয়ে। নকল টকাৰ চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, সেই সন্দৰ্ভতো তদন্ত চলাইছে আৰক্ষীয়ে।


P
Priyadarshini Saikia
Published: 17 September 2026, 04:36 PM