জুবিন গাৰ্গক হেৰুৱাৰ এটা বছৰ সম্পূৰ্ণ হ’ল। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰথম পুণ্যতিথি উপলক্ষে আজিৰে পৰা সোণাপুৰৰ *জুবিনক্ষেত্ৰত* তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ‘জুবিন দিৱস’। এই উপলক্ষে আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ।
এটা বছৰ পাৰ হৈ গ’ল যদিও জুবিন গাৰ্গৰ সুৰ আজিও অসমীয়াৰ হৃদয়ত একেদৰেই অনুৰণিত হৈ আছে। তেওঁৰ গান, সৃষ্টি, চিন্তা আৰু স্মৃতিয়ে অনুৰাগীৰ মাজত আজিও জীয়াই ৰাখিছে শিল্পীগৰাকীক।
বিগত বছৰৰ ১৭ ছেপ্টেম্বৰত বিদেশ ভ্ৰমণৰ বাবে ওলাই যোৱা জুবিন গাৰ্গৰ ১৯ ছেপ্টেম্বৰত আকস্মিক বিয়োগ ঘটে। তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ অসমক শোকস্তব্ধ কৰি তুলিছিল।
প্ৰথম পুণ্যতিথিৰ এই বিশেষ ক্ষণত জুবিনক্ষেত্ৰত অনুৰাগী আৰু শুভাকাংক্ষীৰ সমাগমে পুনৰ সোঁৱৰাই দিছে শিল্পীগৰাকীৰ সৈতে অসমৰ মানুহৰ গভীৰ সম্পৰ্কৰ কথা। কায়িকভাৱে জুবিন নাথাকিলেও তেওঁৰ সৃষ্টিৰ মাজেৰে আজিও তেওঁক অনুভৱ কৰিছে অগণন অনুৰাগীয়ে।
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ‘জুবিন দিৱস’ৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতি আৰু সৃষ্টিক শ্ৰদ্ধাৰে সোঁৱৰিব অসমবাসীয়ে।