জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ মাজলতা অঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হৈছে। ১৬–১৭ ছেপ্টেম্বৰৰ নিশা চোৰাংচোৱা তথ্যৰ ভিত্তিত সেনা, চিআৰপিএফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথ অভিযান চলাইছিল।
অভিযানৰ সময়ত হোৱা গুলীয়াগুলীত দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ লগতে তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰা হৈছে। নিহত দুয়োজনৰ পৰিচয় এতিয়াও নিশ্চিত হোৱা নাই।
বৰ্তমান অঞ্চলটোত তালাচী আৰু অনুসন্ধান অভিযান অব্যাহত আছে। নিৰাপত্তা বাহিনীয়ে আন কোনো সন্ত্ৰাসবাদী লুকাই আছে নেকি, সেই সন্দৰ্ভত অভিযান চলাই আছে।