Tue, 13 Oct 2026

৩১ আগষ্টৰ এটি ঘটনা

৩১ আগষ্টৰ এটি ঘটনা l ছৌদি আৰৱৰ দম্মামৰ পৰা নতুন দিল্লীলৈ আহি থকা Air India Express-ৰ এখন বিমানত বোমাৰ ভুৱা ভাবুকি দিয়া হৈছিল । বৰ্তমান এই ঘটনাৰ তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য । এই ঘটনাত বিমানখনৰ ফাৰ্ষ্ট অফিচাৰগৰাকীক মুখ্য সন্দেহত লৈছে আৰক্ষীয়ে । 

ঘটনাটো সংঘটিত হৈছিল ৩১ আগষ্টত। Air India Express-ৰ IX170 বিমানখন দম্মামৰ পৰা দিল্লীলৈ উৰা মাৰিছিল। উৰণৰ সময়ত বিমানখনৰ শৌচাগাৰত এখন কাগজৰ টুকুৰা পোৱা যায়, য’ত ‘RED-BOMB’ বুলি লিখা আছিল।

বোমাৰ ভাবুকিৰ তথ্য লাভ কৰাৰ পিছতে পাইলটে Air Traffic Control (ATC)-ক অৱগত কৰে। ইয়াৰ পিছত ৩১ আগষ্টৰ বিয়লি ৪:২৭ বজাত বিমানখনক আহমেদাবাদৰ সৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰোৱা হয়। সেই সময়ত বিমানখনত মুঠ ৪০জন লোক আছিল—৩২জন যাত্ৰী, ৪জন ককপিট ক্ৰু আৰু ৪জন কেবিন ক্ৰু।

আহমেদাবাদ আৰক্ষীৰ তদন্তত ফাৰ্ষ্ট অফিচাৰগৰাকীক লৈ কেইবাটাও তথ্য পোহৰলৈ আহিছে । উল্লেখ্য় যে যাত্ৰী আৰু ক্ৰ সদস্যসকলৰ হস্তাক্ষৰৰ নমুনা সংগ্ৰহ কৰা হৈছিল। আৰু আৰক্ষীৰ মন্তব্য়, ভাবুকিৰ টোকাটোৰ লিখনীৰ সৈতে ফাৰ্ষ্ট অফিচাৰৰ হস্তাক্ষৰৰ প্ৰায় ৬৫ শতাংশ মিল পোৱা গৈছে।

অৱশ্যে, এই ঘটনাৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য বা উদ্দেশ্যপ্ৰণোদিত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 17 September 2026, 06:14 PM