আজি বিশ্ব খনিকৰ বিশ্বকর্মা পূজা ৷ সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে বিশ্বকর্মা পূজা ৷
ভগৱান বিশ্বকৰ্মাক সৃষ্টিৰ অধিষ্ঠাতা, স্থাপত্য আৰু কাৰিকৰী বিদ্যাৰ দেৱতা হিচাপে পূজা কৰা হয়। বিশ্বকৰ্মা পূজাৰ দিনা কাৰখানা, উদ্যোগ, কৰ্মশালা, গেৰেজ, দোকান-পোহাৰ আৰু বিভিন্ন প্ৰতিষ্ঠানত যন্ত্ৰপাতি আৰু সঁজুলিৰ পূজা-অৰ্চনা কৰা হয়।
এই পৱিত্ৰ দিনটোত ভগৱান বিশ্বকৰ্মাৰ ওচৰত কৰ্মক্ষেত্ৰৰ উন্নতি, ব্যৱসায়ত সমৃদ্ধি, যন্ত্ৰপাতিৰ সুৰক্ষা আৰু জীৱনত সফলতা কামনা কৰা হয়।বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানত বিশ্ব খনিকৰক পূজা অৰ্চনা কৰা হয় ৷
কলকাৰ খানা, উদ্যোগ প্রতিষ্ঠান, গেৰেজ, ৱৰ্ক শ্বপত কৰা হৈছে পূজা ৷ ব্যৱসায়িক প্রতিষ্ঠান, ৰাজহুৱা স্থানতো পূজাৰ আয়োজন কৰা হৈছে ৷
বিশ্বকর্মা পূজা উপলক্ষে গৰাকীয়ে নিজৰ বাহনখন ধুই লগাইছে ফুলৰ মালা ৷