Tue, 13 Oct 2026

আজি চাহ জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ কৰম পূজা

আজি চাহ জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ কৰম পূজা । আজি অসমৰ বিভিন্ন প্ৰান্ততত পালন কৰা হৈছে এই পৱিত্ৰ লোকউৎসৱ কৰম পূজা। বিশেষকৈ চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ মাজত এই উৎসৱৰ বিশেষ গুৰুত্ব আছে।

আজি চাহ জনগোষ্ঠীৰ পবিত্ৰ উৎসৱ কৰম পূজা । আজি অসমৰ বিভিন্ন প্ৰান্ততত পালন কৰা হৈছে এই পৱিত্ৰ লোকউৎসৱ কৰম পূজা। বিশেষকৈ চাহ জনগোষ্ঠী আৰু আদিবাসী সমাজৰ মাজত এই উৎসৱৰ বিশেষ গুৰুত্ব আছে।

কৰম পূজাৰ মূল আৰাধ্য হৈছে কৰম দেৱতা। সুখ-সমৃদ্ধি, সুস্বাস্থ্য, শান্তি আৰু পৰিয়ালৰ মংগল কামনাৰে ভক্তসকলে এই পূজা পালন কৰে। পৰম্পৰা অনুসৰি কৰম গছৰ ডাল স্থাপন কৰি পূজা-অৰ্চনা কৰাৰ লগতে ভক্তিমূলক গীত, নৃত্য আৰু বিভিন্ন লোকাচাৰ পালন কৰা হয়।

এই উৎসৱত যুৱক-যুৱতী, মহিলা আৰু সমাজৰ বিভিন্ন বয়সৰ লোকসকলে একেলগে অংশগ্ৰহণ কৰি পৰম্পৰাগত কৰম নৃত্য আৰু গীত পৰিৱেশন কৰে। উৎসৱটোৱে সমাজৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু সাংস্কৃতিক পৰম্পৰা শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 22 September 2026, 12:37 PM