তিস্তা নদীৰ সোঁতত উটি যোৱা হাতীৰ পোৱালি উদ্ধাৰ, মাতৃৰ সৈতে পুনৰ মিলন
তিস্তা নদীৰ প্ৰবল সোঁতত প্ৰায় ৫ কিলোমিটাৰ দূৰলৈ উটি যোৱা এটা নৱজাত হাতীৰ পোৱালিক উদ্ধাৰ কৰা হৈছে।
তীব্ৰ সোঁতত উটি গৈ পানীত ডুবিবলৈ ধৰা পোৱালিটোক বন বিভাগৰ উদ্ধাৰকাৰী দলে স্থানীয় মাছমৰীয়াৰ সহযোগত উদ্ধাৰ কৰে।
দীৰ্ঘ প্ৰচেষ্টাৰ অন্তত পোৱালিটোক সুৰক্ষিতভাৱে উদ্ধাৰ কৰি মাতৃ হাতীজনীৰ সৈতে পুনৰ মিলাই দিয়া হয়।
বন বিভাগ আৰু স্থানীয় ৰাইজৰ সমন্বিত প্ৰচেষ্টাত সম্ভৱ হৈ উঠিল এই সফল উদ্ধাৰ অভিযান। উদ্ধাৰৰ পাছত মাতৃৰ সৈতে পুনৰ মিলিত হোৱা হাতীৰ পোৱালিটোৰ এই দৃশ্যই সৃষ্টি কৰিছে এক আৱেগিক পৰিৱেশ।