Tue, 13 Oct 2026

বিশ্বনাথত গঁড়ৰ খৰ্গসহ এজনক গ্ৰেপ্তাৰ আন এজনৰ সন্ধানত আৰক্ষীৰ অভিযান

বিশ্বনাথত অবৈধ বন্যপ্ৰাণীৰ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত এটা গঁড়ৰ খৰ্গসহ পুণিৰাম বাগুৱাৰক গ্ৰেপ্তাৰ কৰা হৈছে। গোপন তথ্যৰ ভিত্তিত বিহালী আৰক্ষীয়ে মিকিৰগাঁৱত নাকা তালাচী চলাই খৰ্গটো উদ্ধাৰ কৰে। ঘটনাৰ সৈতে জড়িত বুলি সন্দেহ কৰা মিৰা ওৰাং ওৰফে মাইনু আলী বৰ্তমান পলাতক। বৃহৎ বন্যপ্ৰাণী সৰবৰাহ চক্ৰৰ সন্ধানত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

অবৈধ বন্যপ্ৰাণীৰ ব্যৱসায়ৰ বিৰুদ্ধে বিশ্বনাথত আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে এটা গঁড়ৰ খৰ্গ।

গোপন তথ্যৰ ভিত্তিত বিহালী আৰক্ষী থানাৰ এটা বিশেষ দলে মিকিৰগাঁৱৰ পি ডব্লিউ ডি পথত নাকা তালাচী চলায়।

আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ২০ ছেপ্টেম্বৰত গঁড়ৰ খৰ্গ সৰবৰাহৰ গোপন খবৰ লাভ কৰাৰ পাছতে অভিযান আৰম্ভ কৰা হয়।

বিহালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাছিং বে'ৰ নেতৃত্বত চলা অভিযানৰ সময়ত চেৰেলীয়া বেংগলী গাঁৱৰ দিশৰ পৰা অহা দুজন লোকক প্ৰত্যক্ষ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ উপস্থিতি দেখি এজন লোক ধাননিৰ মাজেৰে পলায়ন কৰে যদিও আনজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

আটকাধীন লোকজনক পুণিৰাম বাগুৱাৰ বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ পৰা এটা গোপনে লুকুৱাই ৰখা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীৰ দাবী অনুসৰি, জেৰাত পুণিৰাম বাগুৱাৰে খৰ্গটো মিৰা ওৰাং ওৰফে মাইনু আলী নামৰ এজন লোকৰ পৰা লাভ কৰা বুলি প্ৰকাশ কৰে। খৰ্গটো এজন ক্ৰেতাৰ ওচৰলৈ লৈ যোৱাৰ দায়িত্ব তেওঁক দিয়া হৈছিল বুলিও আৰক্ষীক জনোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰ পাছতে মিৰা ওৰাংক আটক কৰিবলৈ চেৰেলীয়া গাঁৱৰ ঘন জংঘলত অভিযান চলায় আৰক্ষীয়ে। অৱশ্যে বৰ্তমানেও পলাতক হৈ আছে অভিযুক্তজন।

ঘটনাৰ আঁৰত থকা বৃহৎ বন্যপ্ৰাণী সৰবৰাহ চক্ৰৰ সন্ধানত আৰক্ষীৰ তদন্ত অব্যাহত আছে।


P
Priyadarshini Saikia
Published: 22 September 2026, 04:24 PM