Tue, 13 Oct 2026

অসমত আৱিষ্কাৰ পৰজীৱী বৰলৰ নতুন প্ৰজাতি

অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত পৰজীৱী বৰলৰ এক নতুন প্ৰজাতি আৱিষ্কাৰ কৰিছে Zoological Survey of India-ৰ গৱেষক ৰূপম দেৱনাথ আৰু কে. ৰাজমোহনে। Oxyserphus narendrani নামৰ এই ক্ষুদ্ৰ পতংগটোৰ দৈৰ্ঘ্য মাত্ৰ ৩.৩ মিলিমিটাৰ। ২০২৪ চনৰ নৱেম্বৰত হালধীয়া পান ট্ৰেপৰ জৰিয়তে সংগ্ৰহ কৰা পতংগটো পৰীক্ষাৰ পাছত Proctotrupidae পৰিয়ালৰ নতুন প্ৰজাতি হিচাপে চিনাক্ত কৰা হয়। প্ৰয়াত পতংগ গৱেষক ড° টি. চি. নৰেন্দ্ৰনৰ সন্মানত প্ৰজাতিটোৰ নামকৰণ কৰা হৈছে।

অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কাৰ হৈছে পৰজীৱী বৰলৰ এক নতুন প্ৰজাতি। ভাৰতীয় প্ৰাণী জৰীপ সংস্থাৰ গৱেষক ৰূপম দেৱনাথ আৰু কে. ৰাজমোহনে আৱিষ্কাৰ কৰা এই নতুন প্ৰজাতিটোৰ নাম ৰখা হৈছে Oxyserphus narendrani।

মাত্ৰ ৩.৩ মিলিমিটাৰ দৈৰ্ঘ্যৰ এই ক্ষুদ্ৰ পতংগটো ২০২৪ চনৰ নৱেম্বৰ মাহত হালধীয়া পানী ফান্দৰ জৰিয়তে সংগ্ৰহ কৰা হৈছিল। অণুবীক্ষণ যন্ত্ৰৰ সহায়ত বিস্তৃত পৰীক্ষা-নিৰীক্ষাৰ পাছত পতংগটো Proctotrupidae পৰিয়ালৰ এক নতুন প্ৰজাতি হিচাপে চিনাক্ত কৰা হয়।

পৰজীৱী বৰলৰ গৱেষণাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা প্ৰয়াত ড° টি. চি. নৰেন্দ্ৰনৰ সন্মানত নতুন প্ৰজাতিটোৰ নাম Oxyserphus narendrani ৰখা হৈছে।

গৱেষকসকলৰ মতে, এই আৱিষ্কাৰে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত এতিয়াও অনাৱিষ্কৃত হৈ থকা ক্ষুদ্ৰ পতংগৰ বৈচিত্ৰ্যৰ ওপৰত অধিক গৱেষণাৰ পথ মুকলি কৰিব। অসমৰ সমৃদ্ধ জৈৱ-বৈচিত্ৰ্যৰ মাজত লুকাই থকা ক্ষুদ্ৰ জীৱজগতৰ ওপৰত নতুনকৈ আলোকপাত কৰিছে এই আৱিষ্কাৰে।


P
Priyadarshini Saikia
Published: 22 September 2026, 04:38 PM