আমিনগাঁৱৰ তোলাৰাম বাফনা কৃত্ৰিম ভৰি সংস্থাপন কেন্দ্ৰত একেদিনাই ৩০ গৰাকী ব্যক্তিৰ শৰীৰত বিনামূলীয়াকৈ কৃত্ৰিম ভৰি সংস্থাপন কৰা হয়।
সমাজকৰ্মী তোলাৰাম জৈন বাফনাৰ ৩৮সংখ্যক মৃত্যু তিথি উপলক্ষে এই বিনামূলীয়া কৃত্ৰিম ভৰি সংস্থাপন কাৰ্যসূচী আয়োজন কৰা হয়। কোনো ধৰণৰ মাননি নোলোৱাকৈ হিতাধিকাৰীসকলক এই সেৱা আগবঢ়োৱা হয়।
বিগত ৩৫ বছৰে কেন্দ্ৰটোৱে কৃত্ৰিম ভৰি সংস্থাপনৰ সেৱা আগবঢ়াই আহিছে। এই সময়ছোৱাত অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ১২ হাজাৰতকৈ অধিক লোকক কৃত্ৰিম ভৰি সংস্থাপন কৰা হৈছে।
কেৱল ভাৰততে সীমাবদ্ধ নাথাকি নেপাল, ভূটান আৰু বাংলাদেশৰ লোকেও এই কেন্দ্ৰৰ সেৱাৰ পৰা উপকৃত হৈছে।
কৃত্ৰিম ভৰি লাভ কৰি হিতাধিকাৰীসকলৰ মুখত বিৰিঙে হাঁহি। বহু হিতাধিকাৰীয়ে কেন্দ্ৰটোৰ এই পদক্ষেপৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। অনুষ্ঠানত বাফনা পৰিয়ালৰ সদস্যসকলো উপস্থিত থাকে।
সমাজকৰ্মী তোলাৰাম জৈন বাফনাৰ স্মৃতিত ১৯৯১ চনত আমিনগাঁৱত স্থাপন কৰা হৈছিল তোলাৰাম বাফনা কৃত্ৰিম ভৰি সংস্থাপন কেন্দ্ৰ। তেতিয়াৰ পৰাই প্ৰয়োজনীয় লোকসকলক বিনামূলীয়াকৈ কৃত্ৰিম ভৰি সংস্থাপনৰ সেৱা আগবঢ়াই আহিছে কেন্দ্ৰটোৱে।
অনুষ্ঠানত কমলপুৰৰ বিধায়ক দিগন্ত কলিতা আৰু হাজো-শুৱালকুছিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসো উপস্থিত থাকে। দুয়োগৰাকী বিধায়কে বাফনা পৰিয়ালৰ এই মানৱদৰদী পদক্ষেপৰ শলাগ লয়।