Tue, 13 Oct 2026

অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ মাতৃ কৃষ্ণা মুখাৰ্জীৰ দেহাৱসান, বয়স ৭৫

৭৫ বছৰ বয়সত দেহাৱসান ঘটে বলিউড অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ মাতৃ কৃষ্ণা মুখাৰ্জীৰ। ২২ ছেপ্টেম্বৰ ২০২৬ত পৰিয়ালৰ তৰফৰ পৰা তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰা হয়। সংগীতৰ ক্ষেত্ৰত অৱদানৰ বাবে পৰিচিত কৃষ্ণা মুখাৰ্জীৰ মৃত্যুত পৰিয়াল আৰু মনোৰঞ্জন জগতত শোকৰ ছাঁ পৰিছে।

বলিউডৰ অভিনেত্ৰী ৰাণী মুখাৰ্জীৰ মাতৃ কৃষ্ণা মুখাৰ্জীৰ দেহাৱসান। ৭৫ বছৰ বয়সত মঙলবাৰে, ২২ ছেপ্টেম্বৰ ২০২৬ত শেষ নিশ্বাস ত্যাগ কৰে কৃষ্ণা মুখাৰ্জীয়ে।

পৰিয়ালৰ তৰফৰ পৰা প্ৰকাশ কৰা এক বিবৃতিত এই দুঃখজনক খবৰ নিশ্চিত কৰা হৈছে। সংগীতৰ ক্ষেত্ৰত প্ৰতিভাৰ বাবে পৰিচিত কৃষ্ণা মুখাৰ্জীৰ মৃত্যুত শোকৰ ছাঁ পৰিছে মুখাৰ্জী পৰিয়ালৰ লগতে মনোৰঞ্জন জগততো।

পৰিয়ালে বিবৃতিযোগে কয় যে গভীৰ দুখেৰে তেওঁলোকে ৰাণী মুখাৰ্জীৰ মাতৃ কৃষ্ণা মুখাৰ্জীৰ মৃত্যুৰ খবৰ জনাইছে। লগতে এই কঠিন সময়ত পৰিয়ালটোৰ ব্যক্তিগত গোপনীয়তাক সন্মান কৰিবলৈ সকলোকে আহ্বান জনাইছে।


P
Priyadarshini Saikia
Published: 23 September 2026, 04:21 PM