ড্ৰাগছৰ বিৰুদ্ধে জিৰ’ টলাৰেন্স নীতি গ্ৰহণৰ কথা ঘোষণা কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী সুভেন্দু অধিকাৰীয়ে।
নিউ টাউনত ‘নশা মুক্ত ভাৰত ২০২৯’ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰাগছবিৰোধী অভিযান তেওঁৰ চৰকাৰৰ অন্যতম শীৰ্ষ অগ্ৰাধিকাৰ।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, ৰাজ্যখনত ড্ৰাগছৰ বিৰুদ্ধে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহে যৌথভাৱে অভিযান চলাই আছে। সীমান্তৱৰ্তী অঞ্চলত অবৈধ আফিং আৰু ভাং খেতি ধ্বংস কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ মূল উৎসত আঘাত হানিবলৈ চৰকাৰে গুৰুত্ব দিব বুলিও তেওঁ উল্লেখ কৰে।
ইফালে বিধাননগৰত প্ৰায় ৩.১ লাখ নিষিদ্ধ কফ ছিৰাপৰ বটল ধ্বংস কৰা হয়। বটলসমূহৰ আনুমানিক মূল্য প্ৰায় ৩১ কোটি টকা।
ইয়াৰ পূৰ্বে বালুৰঘাটতো প্ৰায় ২০ কোটি টকা মূল্যৰ ২ লাখ নিষিদ্ধ কফ ছিৰাপৰ বটল ধ্বংস কৰা হৈছিল।