Tue, 13 Oct 2026

দুৰ্গা পূজাৰ পূৰ্বে অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দুৰ্গা পূজাৰ প্ৰাকমুহূৰ্তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, ATCL কৰ্মচাৰী আৰু চাহ শ্ৰমিকৰ বাবে বিশেষ সুবিধা ঘোষণা কৰিছে অসম কেবিনেটে। অক্টোবৰত অৰুণোদয়ৰ হিতাধিকাৰীয়ে নিয়মীয়া ১,২৫০ টকাৰ পৰিৱৰ্তে ১,৫০০ টকাৰ সহায় লাভ কৰিব। লগতে ATCL কৰ্মচাৰী আৰু চাহ শ্ৰমিকসকলৰ বাবে ২০ শতাংশ পূজা বোনাছ অনুমোদন কৰা হৈছে। ১৮ অক্টোবৰত দেওবাৰ পৰাত তাৰ পৰিৱৰ্তে ১৭ অক্টোবৰত ৰাজ্য চৰকাৰৰ অতিৰিক্ত বন্ধ ঘোষণা কৰা হৈছে।

দুৰ্গা পূজাৰ পূৰ্বে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আৰু চাহ শ্ৰমিকসকলৰ বাবে বিশেষ সুবিধা ঘোষণা কৰিছে অসম কেবিনেটে।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি, অক্টোবৰ মাহত প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে ১,৫০০ টকা লাভ কৰিব। অৰ্থাৎ নিয়মীয়া ১,২৫০ টকাৰ পৰিৱৰ্তে সেই মাহত ১,৫০০ টকাৰ বিশেষ ধন লাভ কৰিব হিতাধিকাৰীসকলে।

ইয়াৰ লগতে Assam Tea Corporation Limited (ATCL)-ৰ কৰ্মচাৰী আৰু চাহ শ্ৰমিকসকলৰ বাবে ২০ শতাংশ পূজা বোনাছ অনুমোদন কৰা হৈছে। PTI-ৰ প্ৰতিবেদন অনুসৰি, এই বোনাছ ৰাজ্যৰ ATCL-ৰ অধীনস্থ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে প্ৰযোজ্য।

আনহাতে, ১৭ অক্টোবৰত ৰাজ্য চৰকাৰৰ অতিৰিক্ত বন্ধ ঘোষণা কৰা হৈছে। ১৮ অক্টোবৰ দেওবাৰে দুৰ্গা পূজাৰ বন্ধ পৰাৰ পৰিপ্ৰেক্ষিতত এই অতিৰিক্ত বন্ধ ঘোষণা কৰা হৈছে।


P
Priyadarshini Saikia
Published: 24 September 2026, 05:54 PM