Tue, 13 Oct 2026

কৃষকৰ বাবে ডাঙৰ খবৰ! কেতিয়া একাউণ্টত সোমাব PM কিষাণৰ ২৪ সংখ্যক কিস্তিৰ ধন?

কৃষকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ২৪ সংখ্যক কিস্তিৰ ধন কেতিয়া কৃষকৰ বেংক একাউণ্টত জমা হ’ব, তাক লৈ হিতাধিকাৰীসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে। যোগ্য কৃষকসকলে কিস্তিৰ ধন লাভ কৰিবলৈ e-KYC, বেংক একাউণ্ট আৰু আধাৰ সংযোগৰ তথ্য সঠিক হৈ আছে নে নাই পৰীক্ষা কৰি ল’ব পাৰে।

দেশৰ কোটি কোটি কৃষকৰ বাবে আহিব পাৰে ডাঙৰ সুখবৰ। অতি শীঘ্ৰেই কৃষকৰ বেংক একাউণ্টত সোমাব পাৰে PM কিষাণ সন্মান নিধিৰ ২৪ সংখ্যক কিস্তিৰ ধন।

PM কিষাণ আঁচনিৰ অধীনত যোগ্য কৃষকসকলে বছৰি লাভ কৰে ৬ হাজাৰ টকা। ২ হাজাৰ টকাকৈ তিনিটা কিস্তিত এই ধন পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়।

প্ৰকাশিত তথ্য অনুসৰি, অহা মাহত ২৪ সংখ্যক কিস্তিৰ ধন লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে, চৰকাৰৰ ফালৰ পৰা এতিয়াও নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা হোৱা নাই।

ইফালে, কিস্তিৰ ধন লাভ কৰিবলৈ কৃষকসকলে কেইটামান কথা নিশ্চিতভাৱে পৰীক্ষা কৰি ল’ব লাগিব। ই-কেৱাইচি সম্পূৰ্ণ হৈছেনে? বেংক একাউণ্ট আধাৰৰ সৈতে সংযুক্ত হৈছেনে? এই দুয়োটা বিষয় গুৰুত্বপূৰ্ণ।

সেয়ে, PM কিষাণৰ সুবিধাভোগী কৃষকসকলে এতিয়াই নিজৰ ই-কেৱাইচি আৰু বেংক-আধাৰ লিংকৰ স্থিতি পৰীক্ষা কৰি লোৱাটো জৰুৰী।


P
Priyadarshini Saikia
Published: 24 September 2026, 06:02 PM