Tue, 13 Oct 2026

নেপালত ভয়ংকৰ হিমস্খলন

নেপালত ভয়ংকৰ হিমস্খলন। মনাস্লু অঞ্চলৰ Himlung Himalত সংঘটিত হিমস্খলনত কমেও দুজন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱা গৈছে । আনহাতে ১৪জন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

নেপালত ভয়ংকৰ হিমস্খলন। মনাস্লু অঞ্চলৰ Himlung Himalত সংঘটিত হিমস্খলনত কমেও দুজন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱা গৈছে । আনহাতে ১৪জন লোক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে।

ঘটনা অনুসৰি, ২৭ ছেপ্টেম্বৰত Himlung Himal Base Campৰ সমীপত হঠাৎ বৃহৎ পৰিমাণৰ বৰফ খহি পৰে আৰু হিমস্খলনৰ ফলত শিবিৰত থকা কেইবাজনো লোক বৰফৰ তলত আৱদ্ধ হৈ পৰে।

ঘটনাৰ পিছতে নেপাল সেনা, আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অভিযান আৰম্ভ কৰে। কিন্তু দুৰ্গম পাহাৰীয়া এলেকা, প্ৰতিকূল বতৰ আৰু অব্যাহত তুষাৰপাতৰ বাবে উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে। ইতিমধ্যে দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু সন্ধানহীন লোকসকলৰ সন্ধানত অভিযান অব্যাহত আছে।

ঘটনাটোৰ পিছত Himlung Himal অঞ্চলত পৰ্বতাৰোহণকাৰীক লৈ কৰ্তৃপক্ষই পৰিস্থিতি নিৰীক্ষণ কৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 28 September 2026, 04:23 PM