Tue, 13 Oct 2026

গুৱাহাটীত ১৭৭ কোটি টকাৰ Underground Cabling Project

কেন্দ্ৰীয় গুৱাহাটীত ১৭৭ কোটি টকাৰ Underground Cabling Project। গুৱাহাটীৰ বিদ্যুৎ বিতৰণ ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্যৰে ১৭৭ কোটি ৪৬ লাখ টকা ব্যয় সাপেক্ষে Underground Cabling Projectত অনুমোদন জনাইছে অসম চৰকাৰে।

কেন্দ্ৰীয় গুৱাহাটীত ১৭৭ কোটি টকাৰ Underground Cabling Project। গুৱাহাটীৰ বিদ্যুৎ বিতৰণ ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্যৰে ১৭৭ কোটি ৪৬ লাখ টকা ব্যয় সাপেক্ষে Underground Cabling Projectত অনুমোদন জনাইছে অসম চৰকাৰে।

এই প্ৰকল্পৰ অধীনত কেন্দ্ৰীয় গুৱাহাটীৰ প্ৰায় ১৮ কিলোমিটাৰ এলেকাত ওপৰত থকা বিদ্যুতৰ তাঁৰ মাটিৰ তললৈ স্থানান্তৰ কৰা হ’ব। প্ৰকল্পটোৰ আওতাত পল্টনবজাৰ, এ টি ৰোড, এম জি ৰোড, জি এছ ৰোডৰ GMCHলৈকে অংশ আৰু ভাঙাগড়ৰ পৰা দিছপুৰ সচিবালয়লৈকে জি এছ ৰোড অন্তৰ্ভুক্ত হ’ব। ইয়াৰ জৰিয়তে ৩৩ কেভি, ১১ কেভি আৰু LT বিদ্যুৎ নেটৱৰ্ক ভূগৰ্ভস্থ কৰা হ’ব। ফলত ধুমুহা-বতাহ আৰু প্ৰচণ্ড বৰষুণৰ সময়ত বিদ্যুৎ সংযোগ বিঘ্নিত হোৱাৰ আশংকা হ্ৰাস পোৱাৰ লগতে বিদ্যুৎ যোগান অধিক নিৰ্ভৰযোগ্য কৰাৰ লক্ষ্য লোৱা হৈছে।

আনহাতে, পথৰ ওপৰত থকা বিদ্যুতৰ তাঁৰৰ জটিলতা হ্ৰাস পোৱাৰ ফলত জনসুৰক্ষা আৰু গুৱাহাটীৰ নগৰীয়া সৌন্দৰ্য উন্নত হোৱাৰো আশা কৰা হৈছে। RDSS Loss Reduction Projectৰ সঞ্চয়ৰ পুঁজিৰে এই প্ৰকল্প ৰূপায়ণ কৰা হ’ব। প্ৰকল্পটো ৰূপায়ণৰ সময়ত APDCLৰ লগতে যান-বাহন আৰক্ষী আৰু সংশ্লিষ্ট নগৰীয়া সংস্থাসমূহে সমন্বয় কৰি কাম কৰিব।


Mousumi Boruah
I am a passionate journalist dedicated to delivering accurate, timely, and engaging news. My focus is on covering current…
Published: 01 October 2026, 10:05 AM