উত্তৰ-পূৰ্বাঞ্চললৈ নতুন হাই-স্পীড কৰিডৰ। উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা অধিক উন্নত কৰাৰ লক্ষ্যৰে প্ৰায় ৬৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাই-স্পীড কৰিডৰ নিৰ্মাণৰ ঘোষণা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে।
প্ৰায় ৬১ হাজাৰ ৫০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই কৰিডৰে শিলিগুৰি, গুৱাহাটী আৰু শ্বিলংক সংযোগ কৰিব। প্ৰথম পৰ্যায়ত শিলিগুৰিৰ পৰা গুৱাহাটীলৈ প্ৰায় ৪০০ কিলোমিটাৰ পথ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এই অংশত প্ৰায় ৩০ হাজাৰ কোটি টকা ব্যয় হোৱাৰ সম্ভাৱনা আছে। ইয়াৰোপৰি যোৰাবাট-বৰাপানীটো Greenfield Corridor হিচাপে নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। নতুন পথ নিৰ্মাণৰ ফলত গুৱাহাটী–শ্বিলং যাত্ৰাৰ দূৰত্ব আৰু সময় দুয়োটাই হ্ৰাস পাব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনাইছে।
আনহাতে, শ্বিলং-শিলচৰ সংযোগী প্ৰায় ১৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ Greenfield Highway নিৰ্মাণৰো পৰিকল্পনা কৰা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্য়, এই বৃহৎ পথ আন্তঃগাঁথনি প্ৰকল্পসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ, বাণিজ্য আৰু অৰ্থনৈতিক কাৰ্যকলাপক অধিক গতিশীল কৰাত সহায় কৰিব।