ভাৰতীয় বজাৰত ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত প্ৰৱেশ কৰিলে এপলে।
এক্সিছ বেংকৰ সৈতে অংশীদাৰিত্বৰে ভাৰতত মুকলি কৰা হৈছে এপল পে সেৱা।
প্ৰথম পৰ্যায়ত এক্সিছ বেংকৰ যোগ্য ভিছা আৰু মাষ্টাৰকাৰ্ড ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীয়ে লাভ কৰিব এই সুবিধা।
এপল ৱালেট অথবা এক্সিছ বেংকৰ মোবাইল এপৰ জৰিয়তে কাৰ্ড সংযোগ কৰি আইফোন, আইপেড আৰু এপল ৱাচৰ সহায়ত কৰিব পাৰিব কনটেক্টলেছ পেমেণ্ট।
দেশৰ বিভিন্ন স্থানৰ হাজাৰ হাজাৰ ষ্ট’ৰ আৰু অনলাইন প্লেটফৰ্মত ব্যৱহাৰ কৰিব পাৰিব এপল পে। এপল ষ্ট’ৰ, ব্লিংকিট, ক্ৰ’মা, ইক্সিগো, ৰিলায়েন্স, টাটা ১এমজি আৰু জোমেটোৰ দৰে প্লেটফৰ্মতো উপলব্ধ হ’ব এই সেৱা।
অৱশ্যে বৰ্তমান ৰুপে কাৰ্ড আৰু অন্য বেংকৰ কাৰ্ড এপল পেত সমৰ্থিত নহয়।